আলহী নাহে ৰাজ্যৰ এখন গাঁৱলৈ, কিন্তু কিয়?

বিচিত্ৰ অসমৰ বিচিত্ৰ কথা। মৰাণৰ এখন গাঁৱলৈ এতিয়া আলহী নাহে। কাৰণটো শুনি আপুনিও হ’ব আচৰিত। বাৰিষাৰ আগমনৰ লগে-লগে এটা পথত একাঠু পৰ্যন্ত বোকা-পানীৰে ভৰি পৰে। ফলত আলহী নাহে মৰাণৰ এই বিশেষ গাওঁখনলৈ।
মৰাণ বিধান সভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰণি ন-পথাৰ সংযোগী পথত একাঠু বোকা-পানীৰে ভৰি পৰিছে। প্ৰতিটো বাৰিষাৰ আগমনৰ লগে লগে পথটোত একাঠু বোকা-পানীৰে ভৰি পৰে। স্থানীয় ৰাইজে বজাৰ কৰাৰ লগতে নিত্য নৈমিত্বিক কামত বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো নাহৰণি ন-পথাৰ পথত আজিকোপতি নপৰিল এটাও শিল। উপায়ন্তৰ হৈ আজি স্থানীয় ৰাইজে বোকাময় পথত ভুঁই ৰুই প্ৰতিবাদ সাবস্ত্য কৰে।