Local, Vocal, Global

আৰক্ষীৰ জালত পুনৰ চোৰাং গৰুসহ আটক ৭ জন

ৰাজ্যত বৰ্তমানেও অব্যাহত অবৈধ চোৰাং গৰুৰ বেহা ৷ বোকাখাত আৰক্ষী থানাৰ যান-বাহন আৰক্ষী চলোৱা অভিযানত এক অবৈধভাৱে গৰু ভৰ্তি তিনিখন বলেৰ’ মহেন্দ্ৰ পিকআপ ভান জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰথম অৱস্থাত দুখন বাহন বোকাখাতত জব্দ কৰে যদিও এখন বাহনে পলায়ন কৰে, অৱশেষত পলায়ন কৰা বাহনখন কহঁৰা আৰক্ষীয়ে কাজিৰঙাৰ গেলেকীত জব্দ কৰিবলৈ সক্ষম হয় ৷ তিনিখন গাড়ীত অবৈধভাৱে ৩০টা গৰু কঢ়িয়াই আনিছিল। আৰক্ষীয়ে জব্দ কৰা তিনিখন বাহনৰ নম্বৰ ক্ৰমে AS04 BC 1945,  AS 02 CC 1148 আৰু AS 02 BC 3826। লগতে অবৈধভাৱে গৰু কঢ়িয়াই অনা ৭জন লোকক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে জিয়াউল হক, ৰাতুল আলি, মফিদুল হক, নজৰুল হক আৰু মচফিকুৰ ৰহমান। আৰক্ষীয়ে বৰ্তমানেও দুজন লোকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি শিৱসাগৰ ৰাজমাইৰ পৰা নগাঁৱৰ চামগুৰিলৈ কঢ়িয়াই আনিছিল অবৈধ গৰুকেইটা।