ফর্বছৰ শীৰ্ষ ১০গৰাকী উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত খিলাড়ী অক্ষয় কুমাৰ

ফর্বছৰ তালিকাত শীৰ্ষ ১০গৰাকী উপাৰ্জনকাৰী অভিনেতাৰ ভিতৰত স্থান লাভ খিলাড়ী নাম্বাৰ-১ অক্ষয় কুমাৰৰ৷ চলিত বৰ্ষত ফৰ্বছৰ তালিকাত ৬ষ্ঠ স্থানত আছে অক্ষয় কুমাৰ৷ পূৰ্বেও এই তালিকাত অত্যধিক ধন উপাৰ্জনকাৰী অভিনেতা হিচাপে প্ৰথম ১০টাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৫২ বছৰীয়া অভিনেতাগৰাকীয়ে৷ ৪৮.৫ নিযুত ডলাৰ উপার্জনেৰে ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৩৫৯ কোটি ১২ লাখ টকা উপার্জনেৰে ফৰ্বছৰ ৬ষ্ঠ স্থানত খিলাড়ী নাম্বাৰ-১৷ ২০২০ৰ শীৰ্ষ তালিকাত প্ৰথম স্থান ৰেচলাৰ তথা অভিনেতা ডায়নে জনচন৷ দ্বিতীয় স্থানত ডেডপুলৰ তাৰকা ৰিয়ান ৰেইনল্ডছ আৰু তৃতীয় স্থানত আছে মার্ক ৱালবার্গ৷