Local, Vocal, Global

Assam Rifles jawans deployed for election duty found dead in river : অৱশেষত উদ্ধাৰ হ’ল গংগা নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা আৰক্ষী জোৱানৰ মৃতদেহ

বিলাসীপাৰা,১৫মে’ : অৱশেষত উদ্ধাৰ হ’ল গংগা নৈত গা ধুবলৈ গৈ সন্ধান হোৱা আৰক্ষী জোৱানৰ মৃতদেহ । গংগা নৈত উদ্ধাৰ হ’ল অসমৰ নিৰুদ্দিষ্ট জোৱানৰ মৃতদেহ ৷ মৃত জোৱানজন প্ৰথম অসম আৰক্ষী বাহিনীৰ মিণ্টু ৰয়৷ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ গৈ গংগা নৈত সন্ধানহীন হৈছিল অসমৰ আৰক্ষী জোৱানজন(Assam Rifles jawans deployed for election duty found dead in river) ।

উল্লেখ্য যে, মিন্টু ৰায় অসমৰ চৰাইদেউ জিলাৰ লগতে কেবাখনো জিলাত লোকসভা নিৰ্বাচনত কৰ্তব্য পালন কৰাৰ পিছত পুনৰ লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ বিহাৰলৈ প্ৰেৰণ কৰিছিল । বিহাৰৰ জশপুৰ জিলাত লোকসভা নিৰ্বাচনৰ কৰ্তব্য সম্পন্ন কৰি সমনীয়াৰ সৈতে গংগাত গা ধুবলৈ গৈছিল আৰু তাত অসম আৰক্ষীৰ কনিষ্টবলগৰাকী সন্ধানহীন হৈ পৰে ।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে বিলাসীপাৰা পৌৰসভাৰ অন্তৰ্গত ন’ নম্বৰ ৱাৰ্ড হাকামাৰ বাসিন্দা ননেন ৰায়ৰ পুত্ৰ মিন্টু ৰায় অসম আৰক্ষীত কৰ্মৰত আছিল(Assam Rifles jawans deployed for election duty found dead in river)।

লগতে পঢ়ক : Assam Police jawan missing : নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ গৈ গংগা নৈত সন্ধানহীন অসমৰ আৰক্ষী জোৱান