Local, Vocal, Global

Rajasthan Lift Collapse: অৱশেষত উদ্ধাৰ হ’ল লিফ্ট খহি আৱদ্ধ হোৱা শ্ৰমিক;নিহত এজন

নেশ্যনেল ডেস্ক,১৫মে’ : অৱশেষত উদ্ধাৰ হ’ল লিফ্ট খহি আৱদ্ধ হোৱা শ্ৰমিক । শ্ৰমিক কেইজনক উদ্ধাৰকাৰী দলে সুকলমে উদ্ধাৰ কৰে যদিও এজন শ্ৰমিক খনিৰ পৰা ওলাই মৃত্যু হয়(Rajasthan Lift Collapse) ।

মঙলবাৰে ৰাজস্থানৰ ঝুনঝুনু জিলাত লিফ্ট খহি ১৪জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰে । মঙবাৰে নিশা প্ৰায় ৮.১০মান বজাত সংঘটিত হয় এই ঘটনাটো । এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷অভিযানকাৰী দলটোৱে আৱদ্ধ লোকসকলক নিশাৰে পৰা খাদ্যৰ পেকেট আৰু ঔষধ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে(One dead,14 rescued in Rajasthan after lift collapses at Hindustan Copper Limited’s Kolihan mine) ৷

উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাত বুধবাৰে উদ্ধাৰকাৰ্য সম্পন্ন হয় যদিও উদ্ধৰৰ পিছত এজন লোক মৃত্যুমুখত পৰে ৷

উল্লেখ্য যে, এই দুৰ্ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল এছডিআৰএফ আৰু এনডিআৰএফৰ দল ৷ তদুপৰি ঘটনাস্থলীত উপস্থিত আছিল স্থানীয় বিধায়কৰ লগতে জিলা উপায়ুক্ত নীমকথানা শৰদ মেহৰা, আৰক্ষী পৰিদৰ্শক প্ৰবীণ কুমাৰ নায়ক নুনাৱতৰ লগতে শীৰ্ষ আৰক্ষীৰ এটা দল ৷

তামৰ খনিটোত আৱদ্ধ প্ৰতিগৰাকীকে অভিযানকাৰী দলে সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে । এই দলটোত আছিল কলকাতাৰ পৰা যোৱা ভিজিলেন্স দলৰ উপ মহাপ্ৰৱন্ধক এ কে শৰ্মা, মেনেজাৰ প্ৰীতম সিং আৰু হৰ্ষিৰামকে ধৰি আন আন বিষয়াসকল ৷ চিকিৎসা দলটোৰ মুৰব্বী ডাঃ মহেন্দ্ৰ চাইনী আৰু ডাঃ প্ৰবীণ শৰ্মাই এই কথা নিশ্চিত কৰে ।

লগতে পঢ়ক : Assam Rifles jawans deployed for election duty found dead in river : অৱশেষত উদ্ধাৰ হ’ল গংগা নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা আৰক্ষী জোৱানৰ মৃতদেহ