Local, Vocal, Global

four injured in mob attack in barpeta : বৰপেটাত দলবদ্ধ আক্ৰমণৰ ঘটনা;আহত চাৰিজন

নিউজ ডেস্ক,১৫মে’ : বৰপেটাত দলবদ্ধ আক্ৰমণৰ ঘটনা । দলবদ্ধ আক্ৰমণক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলজুৰি ।

বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত দলবদ্ধ আক্ৰমণক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰা মতে, বামুণবড়ি গাঁৱৰ সমীপতে থকা শুৰপাৰা গাঁৱৰ এটা সংখ্য়ালঘু সম্পদায়ৰ একাংশ লোকে সামান্য় কথাক কেন্দ্ৰ কৰি বামুণবড়িৰ কেইবাজনো লোকক দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই আক্ৰমণত চাৰিজন লোক আহত হয় । এই আহত কেইজনৰ ভিতৰত এজনৰ অৱস্থা গুৰুতৰ হোৱাত লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(four injured in mob attack in barpeta ) ।

ভুক্তভোগী লোককেইজনে উত্থাপন কৰা অভিযোগ অনুসৰি শুৰপাৰা গাঁৱৰ জহুৰ খাঁ’ৰ নেতৃত্বত খিলঞ্জীয়া লোকৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱা হৈছে । কালি হাতে হাতে লাঠি, দা, কুঠাৰ, জাঠি-জোং লৈ শুৰপাৰা গাঁৱৰ একাংশ লোকে দলবদ্ধ আক্ৰমণ কৰে বামুণবড়ি গাঁৱৰ একাংশ লোকক । এই আক্ৰমণত আহত হয় চাৰিজনকৈ লোক। আহত লোক কেইজন হ’ল প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস আৰু কনজ্যোতি তালুকদাৰ ।

ঘটনাৰ বিৱৰণি অনুসৰি দুজন স্কুলীয়া ছাত্ৰৰ কাজিয়াৰ পৰা সুত্ৰপাত ঘটাৰ পিচত এই গাঁওখনৰ কেইজনমান লোকে বামুণবড়ি গাঁৱৰ ছাত্ৰজনক মাৰপিট কৰে । সেই সময়ত তাত উপস্থিত থকা এজন লোকে বাধা দিয়াত লোককেইজন তাৰপৰা আঁতৰি যায় । কিন্তু ৩০ মিনিটমান পিচতেই শুৰপাৰা গাঁৱৰ জহুৰ খাঁ’ৰ নেতৃত্বত প্ৰায় ডেৰ শ লোকে আহি ভুক্তভোগী লোককেইজনক আক্ৰমণ কৰে ।

ভুক্তভোগীয়ে ইয়াৰ পিচতেই এই ঘটনা সংক্ৰান্তত কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক : 8years boy missing in Tingkhang : টিংখাং সন্ধানহীন ৮বছৰীয়া কিশোৰ