Local, Vocal, Global

ধিক মানৱতা! অভয়াপুৰীত অন্ধ মহিলাক ধৰ্ষণ

অভয়াপুৰীত সংঘটিত হয় জঘন্য ঘটনা ৷ এটা পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী অন্ধ মহিলা৷ ঘটনাটো সংঘটিত হয়  অভয়াপুৰীৰ শিঙিমাৰীৰ দ্বিতীয় খণ্ডত ৷ অন্ধ মহিলাগৰাকী আৰু তেওঁৰ  স্বামী বসবাস কৰিছিল নিজম ঠাইৰ এটা উৰুখা পজাত ৷ স্বামী দিন হাজিৰা বাবে প্ৰায়ে ঘৰৰ পৰা ওলাই যায় ৷ দিনৰ ভাগত অকলে ঘৰত  থাকে মহিলাগৰাকী ৷ আৰু সেই সুযোগতে স্থানীয় পবিত্ৰ ৰায় নামৰ এজন যুৱকে বলাৎকাৰ কৰে অন্ধ মহিলাগৰাকীক ৷ মহিলাগৰাকী চিঞৰ বাখৰ কৰাত পবিত্ৰ পলায়ন কৰে ৷ স্বামীৰ এজাহাৰত পবিত্ৰক আটক কৰে উত্তৰ শালমাৰা আৰক্ষীয়ে ৷ ঘটনাৰ শংকাত স্থানীয় মহিলা সকলোয়ে একগোটহৈ ধৃত পবিত্ৰ ৰায়ৰ আজীৱন কাৰাদণ্ডৰ দাবী জনাই ৷