Local, Vocal, Global

Assam Police special test : আজি অনুষ্ঠিত হ’ব আৰক্ষীৰ BMI টেষ্ট

নিউজ ডেস্ক, ১৬আগষ্ট : আজি ৰাজ্যত অনুষ্ঠিত হ’ব আৰক্ষীৰ BMI টেষ্ট । আজি ৰাজ্যৰ আৰক্ষীৰ বাবে বিশেষ অগ্নিপৰীক্ষা । মেদবহুল আৰক্ষীৰ বাবে BMI অগ্নিপৰীক্ষা।বুধবাৰ অৰ্থাত আজি অসম আৰক্ষীৰ বিষয়া-জোৱানসকলে মুখামুখি হ’ব BMI পৰীক্ষাৰ । প্রতিখন জিলা সদৰত BMI টেষ্টৰ ব্যৱস্থা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে (Assam Police special test)।

আজি কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদতো অনুষ্ঠিত হ’ব BMI টেষ্ট। এই BMI পৰীক্ষাত অৱতীৰ্ণ হ’ব ৰাজ্যৰ প্ৰতিজন কনিষ্ঠবলৰ লগতে বিষয়াসকলও(Assam Police Personnel To Undergo BMI Test)।

বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি বুধবাৰে কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত অনুষ্টিত হ’বলগীয়া এই টেষ্টৰ প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবলে সন্মুখীন হ’ব।

উল্লেখ্য যে, BMI পৰীক্ষাৰ বাবে দৈহিক গঠন আৰু ওজনৰ ওপৰত ভিত্তি কৰি কিছুমান নীতি নিৰ্ধাৰণ কৰা হৈছে।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ৰাজ্যত পেটুৱা পুলিচ নাথাকিব। জনহিত সেৱাৰ্থে নিয়োজিত আৰক্ষীৰ স্বাস্থ্য যে সবল হ’ব লাগিব সেয়া বহু দিনৰ পৰাই চৰ্চা লাভ কৰি আহিছে। এই সন্দৰ্ভত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙেও শাৰীৰিক কচৰৎ কৰিবলৈ আহ্বান জনাইছিল প্ৰতিজন আৰক্ষীক। তাৰেই পৰিপ্ৰেক্ষিতত আজি অসম আৰক্ষীৰ বিষয়া-জোৱানে এই BMI টেষ্টৰ সন্মুখীন হ’ব।

লগতে পঢ়ক :77th Independence Day : যোৰহাট উন্নয়নৰ বাবে ডেৰ হাজাৰ কোটি টকাৰ ব্যয়ৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হ’ব ; মন্ত্ৰী অজন্তা নেও