Local, Vocal, Global

77th Independence Day : যোৰহাট উন্নয়নৰ বাবে ডেৰ হাজাৰ কোটি টকাৰ ব্যয়ৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হ’ব ; মন্ত্ৰী অজন্তা নেওগ

নিউজ ডেস্ক, ১৫ আগষ্ট : আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতা দিৱস (77th Independence Day) । তাৰ সমান্তৰালকৈ আজি পুৱাই যোৰহাট কছাৰী ময়দানতো উৰিল জাতীয় পতাকা ৷ যোৰহাট কছাৰী ময়দানত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী অজন্তা নেওগে (Ajanta Neog hoisted the National Flag in Jorhat) । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্ৰী অজন্তা নেওগে স্বাধীনতা সংগ্ৰামী সেনানীসকলক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধা জ্ঞাপন কৰে ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষত মন্ত্ৰী অজন্তা নেওগে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰে (Ajanta Neog hoisted the National Flag in Jorhat)।

স্বাধীনতা দিৱসৰ ভাষণত মন্ত্ৰী অজন্তা নেওগে কয় যে , ‘যোৱা দুটা বছৰত অসম চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী দিল্লীত অনুষ্ঠিত কৰা হয় আৰু বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ’ল ৷ ঘৰুৱা উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি হৈছে ৷ চৰকাৰে নিজা পুঁজিৰে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ সক্ষম হৈছে ৷ ১০ লাখ মেট্ৰিক ধন ক্ৰয় কৰা সিদ্ধান্ত, স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰ, ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপন, চাহ বাগিচা অঞ্চলত ১০০ খন বিদ্যালয় স্থাপন, আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকল আগবাঢ়ি গৈছে আৰু ১০০০ কোটি ধাৰ্য কৰা হৈছে আত্মসহায়ক গোটৰ বাবে’’ ৷

লগতে ‘নতুনকৈ ৮ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব ৷ মুঠ হিতাধিকাৰী সংখ্যা হ’ব ২৭ লাখ ৷ পুনৰ ৫০০০ হাজাৰ নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা, ১০ লাখ মহিলাক মাইক্ৰফাইনেঞ্চ লোণ ৰেহাই, ৫০ হাজাৰ কোটি টকাৰে অসমৰ আন্তঃগাঁথনি উন্নয়নত পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ লগতে যোৰহাট উন্নয়নৰ বাবে ডেৰ হাজাৰ কোটি টকাৰে ব্যয়ৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে ৷

লগতে পঢ়ক : Independence Day Celebration in Nagaon : স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত হঠাৎ অসুস্থ হৈ পৰিল মহিলা আৰক্ষী