Local, Vocal, Global

Hair Problems: চুলি সৰাৰ পৰা উপকৃত পাবলৈ কেনেধৰণৰ উপায় ব্যৱহাৰ কৰিব পাৰো জানো আহক

নিউজ ডেস্ক, ১৫আগষ্ট : যিকোনো বয়সৰ লোকৰ চুলি সৰাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে ৷ চুলি সৰা বন্ধ কৰিবলৈ বিভিন্ন তেল ব্যৱহাৰ কৰি থকাৰ ফলত আপোনাৰ চুলি সৰিব পাৰে আৰু আপুনি টপা হৈ যাব পাৰে ৷ কেতিয়াবা চুলি সৰা বন্ধ কৰিবৰ বাবে বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয় ৷ এনে ঔষধ প্ৰয়োগ কৰাৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয় ৷ টপা হ’লে বেছিভাগ লোকেই হীনমন্যতাত ভোগে৷ আনকি এই সমস্যাটো জীৱনৰ প্ৰধান সমস্যা স্বৰূপ হৈ পৰে(Hair Problems)।

নিউজ ডেস্ক, ১৫আগষ্ট : যিকোনো বয়সৰ লোকৰ চুলি সৰাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে ৷ চুলি সৰা বন্ধ কৰিবলৈ বিভিন্ন তেল ব্যৱহাৰ কৰি থকাৰ ফলত আপোনাৰ চুলি সৰিব পাৰে আৰু আপুনি টপা হৈ যাব পাৰে ৷ কেতিয়াবা চুলি সৰা বন্ধ কৰিবৰ বাবে বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয় ৷ এনে ঔষধ প্ৰয়োগ কৰাৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয় ৷ টপা হ’লে বেছিভাগ লোকেই হীনমন্যতাত ভোগে৷ আনকি এই সমস্যাটো জীৱনৰ প্ৰধান সমস্যা স্বৰূপ হৈ পৰে( ৷

আমি চুলি সৰা বন্ধ কৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ৷ সাধাৰণতে ভিটামিনৰ অভাৱ, প্ৰদূষণৰ ফলত চুলি অকালতে সৰাৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ এনে সমস্যা সমাধানৰ ক্ষেত্ৰত ঘিউয়ে যাদুৰ দৰে কাম কৰে(How to solve hair problems) ৷

আমি চুলি সৰাৰ পৰা উপকৃত পাবলৈ কেনেধৰণৰ উপায় ব্যৱহাৰ কৰিব পাৰো জানো আহক ….

⬛ কেৱল ঘিউ খালেই যে স্বাস্থ্যৰ উপকাৰ হয় এনে নহয়, ঘিউ মূৰত সানিলেও যথেষ্ট উপকাৰ পোৱা যায় ৷ দুচামুচ ঘিউৰ সৈতে এচামুচ নাৰিকল তেল মিহলি কৰি সপ্তাহত এবাৰকৈ মূৰত লগাওক৷ তাৰ কিছুসময় পাছত চেম্পু কৰি ধুই পেলাওক৷ এনেদৰে কেইদিনমান ব্যৱহাৰ কৰাৰ পাছত দেখিব আপোনাৰ চুলি গজিবলৈ আৰম্ভ কৰিছে ৷

⬛কিছুমান লোকৰ বহুত কম বয়সতে চুলি পকিবলৈ আৰম্ভ কৰে ৷ এনে সমস্যাও দূৰ কৰে ঘিয়ে ৷ সপ্তাহত এদিনকৈ অলপ ঘিউ সামান্য গৰম কৰি মূৰত ঘহি দিয়ক ৷ দেখিব কম দিনতে আপোনাৰ চুলি পকা বন্ধ হৈছে ৷

⬛কেতিয়াবা কেতিয়াবা কিছুমান লোকৰ চুলি নোহোৱা হয় ৷আপুনি যদি এই চুলি সৰা বন্ধ কৰিব বিচাৰে তেন্তে নাৰিকল তেলৰ সৈতে ঘিউ মিহলি কৰি সপ্তাহত এবাৰকৈ মূৰত ব্যৱহাৰ কৰক দেখিব আপোনাৰ চুলি সৰা বন্ধ হৈছে আৰু সেইবোৰ ঠাইত নতুনকৈ চুলি গজা আৰম্ভ হৈছে ৷

⬛ ঘিউয়ে মানুহৰ চুলিৰ সজীৱ কৰি ৰাখে ৷ ঘিউ ব্যৱহাৰৰ ফলত চুলি নৰম, মিহি আৰু জকজকীয়া হয় ৷

⬛ ঘিউৰ সৈতে আমলখি বা পিঁয়াজৰ ৰস মিহলি কৰি মূৰত লগালে চুলি বৃদ্ধিত সহায় কৰে ৷ গতিকে মাজে-সময়ে মূৰত ঘিউ লগোৱাটো অভ্যাস কৰক ৷ ঘিউ মূৰত লগাই কিছুসময় পাছত চেম্পু কৰিবলৈ নাপাহৰিব ৷ কিন্তু নিশা শোৱাৰ সময়ত মূৰত ঘিউ লগোৱা উচিত নহয় ৷

লগতে পঢ়ক :Health Benefits of Ginger: ৰাতিপুৱা খালী পেটত খাওঁক আদাৰ ৰস, ইয়াৰ যথেষ্ট উপকাৰিতা আছে