Local, Vocal, Global

ঔফুলাত চোৰাং বেপাৰীক লক্ষ্য কৰি বনবিভাগৰ গুলিবৰ্ষণ

বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ অন্তৰ্গত ঔফুলাত চোৰাং বেপাৰীক বনবিভাগৰ বিষয়া-কৰ্মচাৰীৰ গুলিবৰ্ষণ। মঙলবাৰে পুৱতি নিশা চোৰাং বেপাৰীয়ে শান্তিপুৰৰ পৰা ঔফুলালৈ এখন ডি আই গাড়ীৰে কাঠৰ কুণ্ডা কঢ়িয়াই অনাৰ খবৰ লাভ কৰে বন বিভাগে। বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যলয়ৰ বিষয়া-কৰ্মচাৰীয়ে লগে-লগে বনবিভাগৰ দলটোৱে ঔফুলাত উপস্থিত হয়। হাতে-হাতে লাঠি-খুকুৰী লৈ কাঠৰ কুণ্ডা কঢ়িয়াই আনি থকা চোৰাং বেপাৰীৰ সন্মুখীন হয় বনবিভাগৰ দলটোৱে। বনবিভাগৰ বিষয়া-কৰ্মচাৰীয়ে চোৰাং বেপাৰীৰ দলটোক লক্ষ্য কৰি ৪জাই গুলিবৰ্ষণ কৰে। চোৰাং বেপাৰীৰ দলটোৱে বনবিভাগৰ গুলিৰ পৰা নিজক বাচিবলৈ পলায়ন কৰে। অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই । বনবিভাগে ঘটনাস্থলীৰ পৰা AS-01AC-2213 ডি আই খনৰ লগতে বহু পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰি বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যলয়লৈ আনে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।