Local, Vocal, Global

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্য আকাংলঙ্ঘী হৈ জনসাধাৰণক কোঙা কৰাত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

সোমবাৰে মৰিগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। লগতে প্ৰতিবাদকিৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইফালে নগাঁৱতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। পেট্ৰ’লজাত সামগ্ৰী, জীৱনদায়িনী ঔষধ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, মঙ্গলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত প্ৰায় অৰ্ধশতাধিক যুৱ ছাত্ৰ পৰিষদে অংশগ্ৰহণ কৰে আৰু জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।