Local, Vocal, Global

আইজলত ৩০ কোটি টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ সোমবাৰে মিজোৰামৰ আইজলত অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) মেথাম্ফেটামিন টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। লগতে এগৰাকী সন্দেহজনক মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

চিআইডি দলটোৱে জিলাখনৰ ভাইভাকাৱনৰ জোহনুয়াই অঞ্চলত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে।

মহিলাগৰাকী ম্যানমাৰৰ সীমান্তৱৰ্তী চাম্ফাই জিলাৰ ফাৰকাৱন গাঁৱৰ বাসিন্দা ৪৬ বছৰীয়া টুয়ানমেৰি বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি, চিআইডিৰ দলটোৱে তালাচী তদাৰক কৰি থকা অৱস্থাত এক লাখ মেথাম্ফেটামিন টেবলেট উদ্ধাৰ কৰে আৰু মহিলাগৰাকীক লগে লগে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষী বিষয়াসকলে জব্দ কৰা ড্ৰাগছৰ বজাৰমূল্য প্ৰায় ৩০ কোটি টকাৰ বুলি জানিবলৈ দিয়ে। ইফালে, এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।