Local, Vocal, Global

উখল মাখল পৰিৱেশৰ মাজত উদযাপিত কন্যাক জনগোষ্ঠীৰ আওলিং উৎসৱ

নিউজ ডেস্ক, ৫ এপ্ৰিল : নাগালেণ্ডৰ মন চহৰত এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজমান। মংগলবাৰে নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ বসন্ত উৎসৱ আওলিং উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে, পৰম্পৰাগত কৃষিৰ লগত সংগতি ৰাখি পূৱৰ নগা জনগোষ্ঠীৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে পালন কৰে এই আওলিং উৎসৱ।

উখল মাখল পৰিৱেশৰ মাজত উদযাপিত কন্যাক জনগোষ্ঠীৰ আওলিং উৎসৱ

বিশেষকৈ নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ লোকসকলৰ ই এক প্ৰধান উৎসৱ। প্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰে কন্যাক জনগোষ্ঠীৰ লোকসকলে। ঝুম খেতি আৰম্ কৰাৰ প্ৰাকমুহূৰ্ততে পৰম্পৰাগতভাৱে উদযাপন কৰা হয় এই আওলিং উৎসৱ।

উখল মাখল পৰিৱেশৰ মাজত উদযাপিত কন্যাক জনগোষ্ঠীৰ আওলিং উৎসৱ

প্ৰতি বছৰৰ দৰে এইবাৰো নাগালেণ্ডৰ মন জিলাৰ কন্যাক সকলে বিভিন্ন কাৰ্যসূচীৰে উলহ মালহৰে পালন কৰিছে আওলিং উৎসৱ। কন্যাক জনগোষ্ঠীৰ লোকসকলে নিজস্ব কলা-সংস্কৃতিৰে সাজ পাৰ পৰিধান কৰি নৃত্য-গীত প্ৰদৰ্শন কৰে।

নাগালেণ্ডৰ এই উৎসৱত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিছে চৰাইদেউ জিলাৰ সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। বুধবাৰে সামৰণি পৰিব আওলিং উৎসৱ আৰু এই সামৰণি অনুষ্ঠানত ভাগ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ।