Local, Vocal, Global

অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ দিন ঘোষণা

নিউজ ডেস্ক, ২ আগষ্ট : ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে যোষণা কৰিছে এই ঘোষণা।

ৰাজ্যিক বিধান সভাত পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব অধিৱেশন।

ইয়াৰ পূৰ্বে, অসমৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্যিক বিধান সভাত আলোচনাৰ বাবে বান পৰিস্থিতি উত্থাপন কৰা হ’ব।