Local, Vocal, Global

দিল্লীত অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অপমান

নিউজ ডেস্ক, ২ আগষ্ট : সোমবাৰে নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ আদৰণি অনুষ্ঠানত পৰিৱেশন কৰা এক বিহু নৃত্যই সমগ্ৰ অসমত বিতৰ্কৰ সৃষ্টি কৰিছে।

নেটিজেনসকলে প্ৰদৰ্শনটোক ‘বিকৃত’ ধৰণে উপস্থাপন কৰা বুলি অভিহিত কৰিছে। ব্যৱহৃত ভঙ্গী, পোছাক বা বাদ্যযন্ত্ৰ নৃত্য প্ৰদৰ্শনৰ দৰে নাছিল আৰু ই অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অপমান আছিল।

সোমবাৰে নতুন দিল্লীত উপস্থিত হোৱা মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এক উচ্চ পৰ্যায়ৰ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধি দল উপস্থিত আছিল। প্ৰতিনিধি দলটোক আদৰণি জনোৱাৰ বাবে বিহু নৃত্য পৰিৱেশন কৰা হৈছিল।

ইফালে, ঘটনাসন্দৰ্ভত অনুষ্ঠানৰ আয়োজকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসমৰ বিহু কৃষ্টি পৰিষদে। এখন সংবাদমেল সম্বোধন কৰি পৰিষদৰ মুখপাত্ৰ ড০ দীপেন দাস আৰু উপদেষ্টা ভবেন দুৱৰীয়ে ইয়াক ‘দুৰ্ভাগ্যজনক ঘটনা’ বুলি অভিহিত কৰে। পৰিষদে ৰাজ্য চৰকাৰক বিষয়টো তদন্ত কৰিবলৈও আহ্বান জনাইছে।