প্ৰাক্তন ৰাজ্যিক হেণ্ডবল খেলুৱৈ ৰাজকুমাৰ চুতীয়াৰ দেহাৱসান

প্ৰাক্তন ৰাজ্যিক হেণ্ডবল খেলুৱৈ ৰাজকুমাৰ চুতীয়াৰ দেহাৱসান৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত অসম হেণ্ডবল সংস্থাৰ প্ৰাক্তন যুটীয়া সম্পাদকগৰাকীৰ ৪৯ বছৰ বয়সত মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ ২০১৬ চনত অনুষ্ঠিত ছাফ গেমছত হেণ্ডবলৰ কাৰিকৰী বিভাগৰ দায়িত্বত আছিল চুতীয়া৷ ১৯৮০ৰ দশকৰ এগৰাকী সুদক্ষ ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ ৰাজকুমাৰে উক্ত সময়ত দুবাৰকৈ ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি কৃতিত্ব বুটলিবলৈ সক্ষম হৈছিল৷
ৰাজকুমাৰ চুতীয়াৰ মৃত্যুত অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, সম্পাদক উত্তম ব্ৰহ্ম আৰু সকলো জিলাৰ হেণ্ডবল সন্থাই শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷