Local, Vocal, Global

অসম বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ল তেজপুৰৰ জীয়ৰী বিদিশাৰ নাম

তেজপুৰৰ যাদৱ চন্দ্ৰ শৰ্মা আৰু পমী শৰ্মাৰ জীয়ৰী বিদিশা মধুকল্যয়ে অসম বুক অফ ৰেকৰ্ড(Assam Book of Records) কৰিবলৈ সক্ষম হৈছে। বিদিশাই যোৱা বছৰ চিত্ৰকলাত বিশাৰদ (B Fine Arts)ডিগ্ৰী আৰু চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। সৰুৰে পৰাই শিল,মাটি,ধানৰ লগতে পেলনীয়া সামগ্ৰীৰে সজোৱা বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি ভাল পোৱা বিদিশাই অৱশেষত কামৰ স্বীকৃতি লাভ কৰে। ১ আগষ্টত কোনো ৰং ব্যৱহাৰ নকৰাকৈ ৬১৪ টা ৰঞ্জিত ধানৰে ২২/২৬ দৈৰ্ঘ্য, প্ৰস্থৰ ১ঘণ্টা ৩৯ মিনিটৰ ভিতৰত ধানৰ শৰাই এখন তৈয়াৰ কৰে। অৱশেষত শুক্ৰবাৰে অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল বিদিশাই।