দুভৰিৰ যাদুৰে ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰা অসমৰ এজন ফুটবলাৰৰ দুভৰি সম্প্ৰতি স্তব্ধ

দুভৰিৰ যাদুৰে লক্ষ-লক্ষ ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰা ফুটবলাৰ উদয় বৰাৰ দুভৰি সম্প্ৰতি স্তব্ধ। দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ গৌৰৱ সুদক্ষ ফুটবলাৰ উদিত বৰাই বিগত সময়চোৱাত দুভৰিৰ যাদুৰে ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰিছে। বিগত সময়চোৱাত উদিত বৰাই ২০১৮-১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবলত অসম দলক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু পাঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হোৱা এই খেলত খেলপথাৰতে ভৰিত গুৰুত্বভাৱে আঘাত পাইছিল। অসম ফুটবল সন্থা, চৰকাৰ, জনপ্ৰতিনিধিয়ে বৰ্তমানেও কোনে ধৰণৰ সহায় কৰা নাই । ফলত ঋণত টকা লৈ নিজৰ চিকিৎসা কৰিব লগা হৈছো উদিত বৰাই।
ক্ৰীড়াৰ জৰিয়তে নিজ মাতৃভুমিৰ নাম ভাৰতৰ মানচিত্ৰত উজ্বলাবলৈ সৰ্বোচ্ছ উজাৰি দিয়া উদিতে মুখ্যমন্ত্রী আৰু ক্ৰীড়ামন্ত্ৰীলৈ সহায় বিচাৰি কাতৰ আহ্বান জনাই।