Local, Vocal, Global

অসুস্থ অভিনেতা সঞ্জয় দত্ত

বলীউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত অসুস্থ। শনিবাৰে নিশা হঠাত্‍ অসুস্থ হৈ পৰে জনপ্ৰিয় অভিনেতা গৰাকী। ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয় সঞ্জুবাবাক। শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে হৃদজনিত সমস্যাই দেখা দিছে অভিনেতাজনৰ ।  অভিনেতাজনৰ কৰ’না পৰীক্ষা কৰোৱা হৈছে যদিও কৰ’নাৰ ফলাফল নিগেটিভ আহে  অভিনেতাজনৰ ।বৰ্তমান সঞ্জয় দত্তক নন-ক’ভিড ৱাৰ্ডতে ৰখা হৈছে। চিকিত্‍সকে এতিয়া বহু কেইটা স্বাস্থ্য পৰীক্ষা কৰোৱাইছে অভিনেতাজনৰ। অভিনেতাজনৰ স্বাস্থ্যৰ সন্দৰ্ভত লীলাৱতী হাস্পতালৰ মুৰব্বী ডা০ ভি ৰবি শংকৰে কয় যে, বৰ্তমান সঞ্জয় দত্ত সুস্থিৰ অৱস্থাতে আছে।