Local, Vocal, Global

হাটশিঙিমাৰীত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

মানকাছাৰ জিলাৰ হাটশিঙিমাৰীত আজি পুৱা কালাপানী গাঁৱৰ বাসিন্দা আ: মুননাফ সেখৰৰ জীয়ৰী চিকিৎসক ময়িশিনা বেগমে ডিঙিত চিপজৰীলৈ ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বেতবাৰী গাঁৱৰ বাসিন্দা আবুল হোছেইন মোল্লাৰ পুতেক ইছমাইল হোছেইন মোল্লা আৰু  ময়িশিনা বেগম ৯ মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল। দুয়োগৰাকীয়ে ব্যক্তিগত ভাৱে চেম্বাৰ খুলি চিকিৎসা প্ৰদান কৰি আছিল আৰু বিয়াৰ পিছত দুয়োজনে একেলগে হাটশিঙিমাৰীত নিজ বাসভৱনত বসবাস কৰি আছিল। কিন্তু আজি ৰহস্যজনকভাৱে ময়িশিনা বেগমে  ডিঙিত  আত্মহত্যা কৰা ঘটনাই এতিয়া ব্যাপক ৰহস্যৰ সূষ্টি কৰিছে । ইপিনে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দন্ডাধীশ আৰু খাৰুৱাবানদা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো খাৰুৱাবানদা আৰক্ষী চকীত লৈ যায় আৰু মৃতদেহটো মৰোনোওৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সৰ্ন্দভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।