Local, Vocal, Global

বানৰ পিছত কি পৰিৱেশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ?

কাল কৰ’নাতকৈও অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বান-গৰাখহনীয়াৰ তাণ্ডৱ৷ বলিয়া বানৰ তাণ্ডৱত শংকা নামি আহিছে ৰাজ্যৰ জনতাৰ লগতে বন্যপ্ৰাণীসমূহৰো৷ চলিত বৰ্ষত অধিক ভয়ংকৰ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি৷ বছৰটোৰ তিনিটাকৈ বানে কাজিৰঙাৰ জীৱকূললৈ শংকা কঢ়িয়াই আনিছে৷ চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ বানৰ কৱলত পৰিছে৷ চৰকাৰী তথ্য অনুসৰি ১৫০টা বন্য জীৱকূলৰ চলিত বৰ্ষৰ বানত মৃত্যু হয়৷ বান বিভীষিকাত মৃত্যু হয় ১৮টাকৈ গঁড়, ১০৫টা পহু, ৬টা বনৰীয়া ম’হ, ১১টা গাহৰি আৰু ৩টা স্বাম্প ডিয়েৰ৷ বানত ডুবি মৃত্যু হয় ৮১টাকৈ বন্যপ্ৰাণীৰ৷ বৰ্তমান কাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানেও শংকা আঁতৰা নাই জীৱকূলৰ মাজৰ পৰা৷ বানৰ পিছত খাদ্য সংকটত ভুগিছে কাজিৰঙাৰ জীৱকূল৷