Local, Vocal, Global

মায়ানগৰী মুম্বাইলৈ নতুন বিপদ

কাল কৰ’নাত জৰ্জৰিত মায়ানগৰী মুম্বাইলৈ নামি আহিছে আন এক বিপদ। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত প্ৰৱল বৃষ্টিপাত। মঙলবাৰৰ পৰা মুম্বাইত অব্যাহত আছে প্ৰৱল বৃষ্টিপাত। প্ৰৱল বৃষ্টিপাতৰ ফলত ক্ৰমাত্‍ অধিক অৱনমিত হৈছে মুম্বাইৰ পৰিস্থিতি। মুষলধাৰ বৰষুণৰ ফলত চৌদিশে এতিয়া জলমগ্ন। পানীৰ তলত মুম্বাইৰ ৰাজপথকে ধৰি ৰেল ষ্টেচন। ২০০৫ চনৰ পিছত সৰ্বাধিক বৰষুণ হৈছে মুম্বাইত। প্ৰতিঘন্টাত ১০০ কিলো মিটাৰ বেগত অহা বতাহ-বৰষুণৰ ফলত অধিক ক্ষতিগ্ৰস্থ হৈছে মুম্বাই।

ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনাইছে। মুম্বাইত জাৰি কৰা হৈছে হাই এলাৰ্ট। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰত্নগিৰি, সিন্ধুডাৰ্গ, পলঘৰ, কোলহাপুৰ, থানে, ৰাইগড় জিলা উপায়ুক্তৰ পৰা বুজ লৈছে পৰিস্থিতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে ফোনযোগে মুম্বাইৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুম্বাইৰ বিপদৰ সময়ত সহায় প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।