Local, Vocal, Global

৫০হাজাৰ অতিক্ৰম ৰাজ্যত আক্ৰান্তৰ সংখ্যা 

২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত ২২৮৪গৰাকী

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। বুধবাৰে ৰাজ্যত পুনৰ আক্ৰান্ত  ২২৮৪ গৰাকী। নতুনকৈ আক্ৰান্তৰ ৩৬২গৰাকী গুৱাহাটী মহানগৰৰ, ১২৩ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ১৭৭ গৰাকী ডিব্ৰুগড়ৰ, ১৫৭ গৰাকী নগাঁৱৰ ।বুধবাৰে ৰাজ্যত ১৪৭১ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। ৰাজ্যত বুধবাৰে পুনৰ মৃত্যু ৬ গৰাকী।

 

৩৫ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৫০৪৫৫ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩৫,৮৭২ গৰাকী। বৰ্তমান ৰাজ্যত ১৫,৯০০ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১২১ গৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰাজ্য ২৪ ঘন্টাত ৫৯,১৬২ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বুধবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৩.৮৬ শতাংশ।