Local, Vocal, Global

Assam Budget to be presented today : আজি বিধানসভাত দাখিল কৰা হ’ব ২০২৪-২৫ বৰ্ষৰ বাজেট

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : আজি বিধানসভাত দাখিল কৰা হ’ব ২০২৪-২৫ বৰ্ষৰ বাজেট(Assam Budget to be presented today) ।দিনৰ ২ বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।পুৱা প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় নিয়মীয়া সদন।হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন তৃতীয়খন বাজেট।

এইবেলি বাজেটত মহিলাসকলক লৈ বিশেষ সুবিধা ঘোষণাৰ সম্ভাৱনা ।উদ্যমী মহিলাসকলৰ বাবে কেইবাখনো বিশেষ আচঁনি ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে(Assam Finance Minister to table state budget for 2024-25 today)।

স্বাস্থ্য বীমাকলৈও চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা।এইবেলি বাজেটত মুখ্যমন্ত্ৰী গৃহ আৱাস যোজনা নামৰ এখন আচঁনি ঘোষণাৰো সম্ভাৱনা।লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাজ্যিক বাজেটক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা।

লগতে পঢ়ক : Higher Secondary Final Examination : আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা