Local, Vocal, Global

Guwahati Police rescues kidnapped infant in six hours : মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড; ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰিবলৈ নিছিল শিশুটিক

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : মহানগৰীৰ খানাপাৰাৰ পৰা অপহৃত শিশুটি উদ্ধাৰ। ঘটনা সংঘটিত হোৱাৰ ৬ ঘন্টাৰ পিছতেই আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক ।দেওবাৰে নিশা ফটাশিল আমবাৰীৰ পৰা দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশুটিক । লগতে অপহৰণৰ লগত জড়িত ৪ অভিযুক্তক নিশাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত সমীৰ দে’সহ ৩ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Guwahati Police rescues kidnapped infant in six hours; 4 arrested) ৷

উল্লেখ্য যে, দেওবাৰে দিন দুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিলে এটি শিশু।দেওবাৰে দিনৰ ১১ মান বজাত খানাপাৰা উৰণসেতু সমীপত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।
তাৰ পিছতে শিশুটিৰ মাতৃয়ে এজন যুৱকে অপহৰণ কৰা বুলি সন্দেহ কৰিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু নিশাই সুকলমে উদ্ধাৰ কৰে শিশুক ।

আৰক্ষী সূত্ৰে উল্লেখ কৰা অনুসৰি , ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰিবলৈ অপহৰণ কৰিছিল শিশুটিক । শিশুটিৰ মাতৃয়ে জনোৱা অনুসৰি বিগত কেইবাদিনো ধৰি দোকানখনলৈ আহি আছিল সমীৰ দে’ নামৰ এজন যুৱক। যুৱকজনে প্ৰায়ে শিশুটিৰ লগত সময় কটাইছিল । ঠিক আগৰ দৰে সেই দিনাও মহিলাগৰাকীয়ে কনমানিটিক তুলি দিছিল সমীৰ দে’ৰ স্কুটিত । সমীৰ দে’ই শিশুটিক স্কুটিৰে লৈ যায় ফটাশিল আমবাৰীলৈ । ফটাশিলৰ সমীৰ দে’ৰ ভাৰাঘৰৰ কিছু নিলগত এগৰাকী মহিলাৰ ঘৰত ৰাখিছিল শিশুটিক। খৱৰ বিয়পি পৰাৰ লগে লগে তৎপৰ হৈ পৰে মহানগৰ আৰক্ষীৰ এটা বিশেষ দল । পিছত মাত্ৰ ৬ ঘণ্টাৰ ব্যৱধানত আৰক্ষীয়ে ফটাশিল আমবাৰীৰ পৰা সোশৰীৰে উদ্ধাৰ কৰে শিশুটিক(Guwahati Police rescues kidnapped infant in six hours) ।

শিশুটিক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে এটাৰ পিছত আনটো অভিযুক্তক । আৰক্ষীৰ জেৰাত ইতিমধ্যেই ৪ অভিযুক্তই স্বীকাৰ কৰিছে অপহৰণ কাণ্ডৰ সমগ্ৰ তথ্য ।

লগতে পঢ়ক : child kidnapped in guwahati : এইবাৰ দিন দুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিলে শিশুক