Local, Vocal, Global

Tragic Road Accident : বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ফলত নিহত এজন

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : শোকাৱহ পথ দুৰ্ঘটনা । বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ফলত নিহত এজন ।

দেওবাৰে নিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখ বৰআলি মিটং নকাটনি পথত সংঘটিত হয় দুৰ্ঘটনাটো(Tragic Road Accident) ।

জানিব পৰা মতে, AS 04 AD 3806 নম্বৰৰ বাইক আৰু AS 04 AC 9948 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন ৷ আঘাতপ্ৰাপ্তা বাইক আৰোহীজন অৰূপ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে । ৩৭ বছৰীয়া আঘাতপ্ৰাপ্ত অৰূপ হাজৰিকাক জৰুৰী সেৱা যোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে(Tragic Road Accident in Sivasagar) ।

উল্লেখ্য যে, যুৱক অৰূপ হাজৰিকাই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল । মৃত অৰূপ হাজৰিকাই পত্নীৰ লগতে দুটি সন্তানক ইহসংসাৰত এৰি থৈ গৈছে । গৌৰীসাগৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে যদিও চালকজনে পলায়ন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Higher Secondary Final Examination : আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা