Local, Vocal, Global

বহু প্ৰত্যাশিত অসম আৰক্ষীৰ কণিষ্টবল পৰীক্ষাৰ বিশেষ নিৰ্দেশনা-ডিজিপি ভাস্কৰজ্যোতি মহন্ত

নিউজ ডেস্ক,১৯ ফ্ৰেব্ৰুৱাৰীঃ ২০ ফ্ৰেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষা। মুঠ ৯০১৭ টা পদৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। ৰাজ্যৰ মুঠ ৮ খন জিলাৰ ৭৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই সন্দৰ্ভত কয় যে, পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰবাবে অসম আৰক্ষীয়ে যথেষ্ট কঠোৰ নীতি-নিয়ম জাৰি কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে।
      উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ নিদিৰ্ষ্ট সময়তকৈ এক-ডেৰ ঘণ্টা আগতেই উপস্থিত হ’ব লাগিব। সকলো পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড লগত লৈ যাব লাগিব। নিব নোৱাৰিব মোবাইল ফোন বা ইলেক্ট্ৰণিক সামগ্ৰী। তদুপৰি সকলো পৰীক্ষা কেন্দ্ৰসমূহত চিচি টিভিৰ ব্যৱস্থা কৰা হৈছে। লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে সকীয়নি দিয়ে যে, যদি কোনো পৰীক্ষাৰ্থীয়ে অনৈতিক কাৰ্যত লিপ্ত হ’লে তেঁওলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব।