বকো সাহিত্য সভাৰ উদ্যোগত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান সম্পন্ন

নিউজ ডেস্ক,১৯ ফ্ৰেব্ৰুৱাৰীঃ ” চিৰ চেনেহী মোৰ ভাষা জননী ” শীৰ্ষক এক মনোজ্ঞ কাৰ্য্যসুচীৰে আজি কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয় শৈক্ষিক ধ্ৰুপদী শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অসম সাহিত্য সভাৰ শতদল শাখাৰ সন্মান অৰ্জন কৰা বকো সাহিত্য সভাৰ উদ্যোগত আৰু কলেজ অৱ এডুকেশ্বন বকোৰ সহযোগত আজি কলেজখনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানখন।
উল্লেখ্য যে, দক্ষিণ কামৰূপ অঞ্চলৰ শিল্পী সত্তাৰ প্ৰতিভা সম্পন্ন শিল্পীক সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু নতুন প্ৰজন্মৰ মাজত শিক্ষাৰ মাধ্যমৰ উপৰিও ধ্ৰুপদী শাস্ত্ৰীয় সংগীতৰ বৌদ্ধিক জ্ঞান প্ৰদান কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কলেজ অৱ এডুকেশ্বন বকোৰ সচিব প্ৰধান ড: গণেশ্বৰ চহৰীয়াই সঞ্চালনা কৰা অনুস্থানখন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজ বৰুৱাই।