Local, Vocal, Global

ঈদৰ মাজতেই চাবুৱা আৰক্ষীৰ বৃহৎ সফলতা

ঈদৰ মাজতেই চাবুৱা আৰক্ষীৰ বৃহৎ সাফল্য। চাবুৱাত বৃহৎ গৰু চুৰি চক্ৰৰ লগত জড়িত থকা ৪ গৰাকীকৈ গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ যে চাবুৱা বালিজানৰ পৰা চুৰি কৰা দুটা গৰু ৰহমৰীয়া বিলঙনীত বিক্ৰী কৰিছিল। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছে। চাৰিগৰকী ধৃত গৰু চোৰসহ দুজনক চুৰি গৰু কিনাৰ অভিযোগত চাবুৱা আৰক্ষী আদালতলৈ প্ৰেৰণ কৰিছে। আজি বহু দিনৰ পৰাই চাবুৱাত গৰু চোৰৰ দলটোৱে ৰমৰমীয়া ব্যৱসায় চলাই আছিল। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত৷