Local, Vocal, Global

ৰাম মন্দিৰৰ ভূমি পূজনত উপস্থিত নাথাকে দুই বৰ্ষীয়ান বিজেপি নেতা

80

অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনত উপস্থিত নাথাকে দুই বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী। দুয়ো বৰ্ষীয়ান নেতাই ভিডিঅ’ কনফাৰেন্সিং যোগে ভাগ ল’ব ভূমি পূজন কাৰ্যসুচীত।
সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া ৰাম জনমভুমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ আমন্ত্ৰণ পত্ৰ লাভৰ পিছতেই এই কথা জনালে দুই শীৰ্ষ বিজেপি নেতাই। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা ৯২ বছৰীয়া আদৱানীও বাবৰি মছজিদ ধ্বংস কাণ্ডৰ গোচৰত চি বি আইৰ জেৰাৰ সন্মুখীন হ’ব লগা হৈছিল।
ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্যসুচীলৈ নিমন্ত্ৰণ লাভ কৰা প্ৰায় ৫০গৰাকী ভি আই পিৰ মাজত আৰ এছ এছৰ মুৰব্বী মোহন ভগৱত, সাধাৰণ সম্পাদক সুৰেশ ভায়াজ্জী আৰু ভি এইচ পিৰ কাৰ্যকৰী সভাপতি আলোক কুমাৰ অন্যতম।
৫ আগষ্টত ভূমি পূজনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪০ কেজি ওজনৰ এটা ৰূপৰ ইটা স্থাপনেৰে মন্দিৰৰ শিলান্যাস সম্পন্ন কৰিব।