Local, Vocal, Global

ক’ভিড ৰোগীক যোগান ধৰা খাদ্যৰ মানদণ্ড উদঙালে কেইখনমান ফটোগ্ৰাফে

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত থকা ক’ভিড ৰোগীসকলক যোগান ধৰা খাদ্যৰ মানদণ্ড উদঙালে কেইখনমান ফটোগ্ৰাফে৷ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা  ফটোগ্ৰাফক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে।

লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জৱাবদিহি কৰিছে শিৱসাগৰৰ সচেতন মহলে৷ প্ৰায়েই ক’ভিড আক্ৰান্তক যোগান ধৰা খাদ্যত পোক ওলোৱাৰ লগতে এক অস্বাস্থ্যকৰ পৰিৱেশত ক’ভিড আক্ৰান্তসকলক ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এই সম্পৰ্কত বহুবাৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক অৱগত কৰাৰ পিছতো এইক্ষেত্ৰত কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।