ৰাজ্যত ৫০ হাজাৰ অতিক্ৰম আৰোগ্য ৰোগীৰ সংখ্যা
ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ শুক্ৰবাৰৰ দিনটো ৰাজ্যত পুনৰ আক্ৰান্ত ২৭০৬ গৰাকী। ইয়াৰ বিপৰীতে শুক্ৰবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ২৩১০ গৰাকী ৰোগীয়ে। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৭১৯ গৰাকী কামৰূপ (ম), ২৫৮ গৰাকী কামৰূপৰ, ২৬৪গৰাকী ডিব্ৰুগড়, ১৪৫ গৰাকী নগাঁও জিলাৰ। শুক্ৰবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৬ গৰাকীৰ লোকৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৭৪,৫০১ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৫১,৬৯৩ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৭৫ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২২,৬৩০গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ৪৯,৬০৩ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.৪৫ শতাংশ।