Local, Vocal, Global

IPL লৈ অসমৰ তিনি বলাৰ

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক সুখবৰ৷ UAEলৈ যাব অসমৰ তিনিগৰাকী বলাৰ৷ মূলতঃ ৰাজস্থান ৰয়েলছ দলৰ নেট বলাৰ ৰূপে UAEলৈ যাব অসমৰ তিনি গৰাকী উদীয়মান বলাৰ৷ ইউএইলৈ যাব ৰাহুল সিং, মৃন্ময় দত্ত আৰু জিতুমণি কলিতা৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ UAE ত অনুষ্ঠিত হ’ব IPL ৰ ত্ৰয়োদশ সংস্কৰণ৷

অসমৰ হৈ ৰঞ্জিত ট্ৰফীৰ লগতে ভাৰতীয় দলৰ গুৱাহাটী ভ্ৰমণ কালত উন্নত বলিং প্ৰদর্শন তিনিওগৰাকী বলাৰে৷ বাওঁহতীয়া স্পীনাৰ ৰাহুল সিং, সোঁহতীয়া অফ স্পীনাৰ জিতুমণি কলিতা আৰু বাওঁহতীয়া পেছ বলাৰ মৃণ্ময় দত্তই ১৭ আগষ্টত UAE লৈ ৰাওনা হ’ব৷ আশা কৰা হৈছে ৰাজস্থান ৰয়েলছৰ দৰে অভিজ্ঞ IPLৰ দলৰ সৈতে নেট বলিং কৰাৰ ফলত তিনিওগৰাকী বলাৰৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পৰিব৷