Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা, প্ৰতিদিনে বৃদ্ধি আক্ৰান্তৰ সংখ্যা

২৪ ঘন্টাত ৰাজ্যত পুনৰ আক্ৰান্ত ২২১৮ গৰাকী

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। শনিবাৰে ৰাজ্যত পুনৰ আক্ৰান্ত  ২৬৭৯গৰাকী। নতুনকৈ আক্ৰান্তৰ ২৯৯ গৰাকী কামৰূপ মহানগৰৰ, ১৫০ গৰাকী নগাঁৱৰ, ১৬৫গৰাকী কাছাৰৰ, ১৪২গৰাকী ডিব্ৰুগড়ৰ। শনিবাৰে ৰাজ্যত ১৭৮২গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। ৰাজ্যত শনিবাৰে পুনৰ মৃত্যু ৮গৰাকী।

 

৪০ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৫৭,৭১৪ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৪০,৫৯১ গৰাকী। বৰ্তমান ৰাজ্যত ১৬,৯৮০গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১৪০গৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰাজ্য ২৪ ঘন্টাত ৫৪ হাজাৰ ৮৪৫ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। শুক্ৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৪.০৪ শতাংশ।