Local, Vocal, Global

চৰকাৰী কাৰ্যসূচীত বঙালী ভাষাত লিখা পুস্তিকা বিতৰণক লৈ নগাঁৱত প্ৰতিক্ৰিয়া

কামপুৰত বানাক্ৰান্তৰ অঞ্চলত পশু খাদ্যৰ হাহাকাৰ। পশু চিকিৎসা বিভাগৰ বিষয়াৰ সন্মুখত ক্ষোভ  উজাৰিলে বানাক্ৰান্তই। চৰকাৰী কাৰ্যসূচীত বঙালী ভাষাত লিখা পুস্তিকা বিতৰণক লৈ প্ৰতিক্ৰিয়া।

এইবাৰ পশু পালন বিভাগৰ বিষয়াৰ ওচৰত ক্ষোভ উজাৰিলে কামপুৰৰ বানাক্ৰান্তই। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও তিনি-চাৰি মাহ ধৰি বানত ডুবি থকাৰ পিছত পশু খাদ্যৰ বাবে তীব্ৰ হাহাকাৰ সৃষ্টি হয়। যাৰ বাবে পশুপালক আৰু কৃষকসকলে হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হয়। চৰকাৰীভাৱে পশু চিকিৎসা আৰু পশু খাদ্য যোগানৰ নামত ভেকোভাওনা কৰাৰ অভিযোগ ৰাইজৰ। এনে পৰিপেক্ষিতত ক্ষোভিত হৈ পৰিছে কামপুৰৰ বানাক্ৰান্ত লোকসকল। যাৰ বাবে শনিবাৰে পশু চিকিৎসকৰ সন্মুখতে ক্ষোভ উজাৰে কামপুৰৰ বানাক্ৰান্তই।

অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ নগাঁও জিলা শাখাৰ উদ্যোগত বানপীড়িত অঞ্চলৰ সাহায্যাৰ্থে বিনামূলীয়া পশু চিকিৎসা শিৱিৰ শনিবাৰে কামপুৰৰ তেতেলিসৰা পঞ্চায়তৰ বামুণিজান প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। বান বিধ্বস্ত ৰাইজৰ সুবিধাৰ্থে Assam Animal husbandry and veterinary service association, Nagaon Branchৰ সহযোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰটোত ঔষধ আৰু পশু চিকিৎসা প্ৰদান কৰা হয়। এই সম্পৰ্কত সজাগতা সভাতে বানপীড়িত এলেকাত পশু খাদ্যৰ নামত চৰকাৰৰ পশুপালন বিভাগে পশু খাদ্যৰ লগতে পশু চিকিৎসাৰ নামত ভেকোভাওনা কৰাৰ অভিযোগ তোলে। পিছত উপায়বিহীনভাৱে বিষয়াসকলে গা এৰা মন্তব্য কৰা পৰিলক্ষিত হয়।

 

ইফালে এই সভাতে বঙালী ভাষাত লিখা প্ৰচাৰ পুস্তিকা বিতৰণক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। এটা চৰকাৰী কাৰ্যসূচীত বঙালী পুস্তিকা বিতৰণ কৰাত ক্ষোভিত হৈ পৰে  সচেতনমহল।