Local, Vocal, Global

কাজিৰঙাত কৰ’নাৰ গণসংক্ৰমন, আক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী

১ আগষ্টত কহঁৰাৰ অৰণ্য মাৰ্কেটৰ এজন ব্যবসায়ীৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিত ধৰা পৰিছিল। পাছত প্ৰশাসনে আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ লগতে কহঁৰা বজাৰৰ ব্যৱসায়ী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় দুই শতাধিক লোকৰ দুদিনত  SWAB পৰীক্ষা সম্পন্ন কৰে। SWAB পৰীক্ষাৰ অন্তত ২১ গৰাকী লোকৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ইতিমধ্যে কহঁৰা বজাৰ সমিতিয়ে মঙলবাৰৰ পৰা ৪ দিনৰ বাবে কহঁৰা বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু সংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱাত বোকাখাত মহকুমা প্ৰশাসনে ১৪ দিনৰ বাবে কহঁৰা বজাৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰে ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বিটৰ ৮ গৰাকী বনকৰ্মী আক্ৰান্ত হৈছে কৰ’নাত ৷ কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পথৰ কাষত থকা বুঢ়াপাহাৰ বিটতোত সংক্ৰমন ধৰা পৰাৰ পাছত তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় পথৰ কাষত থকা বনশিৱিৰ সমূহৰ বনকৰ্মী সকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ বৰ্তমানলৈকে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা শিৱিৰ সমূহৰ কোনো বনকৰ্মী কৰ’নাত আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷