Local, Vocal, Global

চৰাইদেউ জিলাত জাৰি সান্ধ্য আইন

চৰাইদেউ জিলাত ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি। ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধ তথা চৰাইদেউ জিলাৰ জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলাৰ দণ্ডাধীশ পলাশ ৰঞ্জন ঘৰফলীয়াৰ এই নিৰ্দেশ। সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰিছে। তৎকালীনভাৱে বলৱৎ হোৱাকৈ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন জাৰি কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। অৱশ্যে এই ক্ষেত্ৰত অত্যাৱশ্যকীয় সেৱাত জড়িত বিভাগসমূহ যেনে চিকিৎসা বিভাগ, এম্বুলেঞ্চ চাৰ্ভিছ, অগ্নি নিৰ্বাপন বিভাগ, কৰ্মত নিয়োজিত দণ্ডাধীশসকল, সামৰিক-আৰক্ষী, টেলিকম তথা বিদ্যুৎ বিভাগৰ জৰুৰী পুনঃস্থাপন কৰিবৰ বাবে নিয়োজিত ব্যক্তিসকলক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। এই আদেশ ভংগ কৰিলে আইন ভংগকাৰীৰ বিৰুদ্ধে ডিজাছটাৰ মেনেজমেন্ট এক্ট ২০০৫ ৰ অধীনৰ ধাৰা ৫১ ৰ পৰা ৬০ লৈকে আৰু আই পি চি ৰ ১৮৮ ধাৰা অনুসৰি জৰিমনা সহ আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।