Local, Vocal, Global

ভয়াৱহ সংক্ৰমণৰ দিশে আগবাঢ়িছে নগাঁও জিলাৰ পুৰণিগুদাম

চামগুৰিৰ পিছত এইবাৰ ক’ৰনাৰ ভয়াৱহ সংক্ৰমণৰ দিশে আগবাঢ়িছে নগাঁও জিলাৰ পুৰণিগুদাম। বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বহুকেইজন ব্যক্তিৰ দেহত ইতিমধ্যেই ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। শেহতীয়াকৈ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত ৪২গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ অন্তত ৭গৰাকীকৈ লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছত স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ। লক্ষণীয়ভাৱে ক’ভিড আক্ৰান্ত ৫জনকৈ লোক পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়খনৰ সমীপৰে এজন লোকৰ ঘৰত ভাৰতীয়া হিচাপে বসবাস কৰি আছিল আৰু আন দুজন বন্ধন বেংকৰ পুৰণিগুদাম শাখাৰ কৰ্মচাৰী আছিল, নাছিল কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত। শেহতীয়াকৈ পুৰণিগুদামৰ ক’ভিড আক্ৰান্ত ৭গৰাকী লোকৰ ভিতৰত ৪গৰাকীক নিশায়ে নগাঁৱৰ ঢিংস্থিত ক’ভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও বাকী তিনিগৰাকী লোকক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি চিকিৎসালয়খনৰ সমীপতে নিজা বাসগৃহত আছুতীয়াকৈ ৰখা আৰু চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে চিকিৎসালয়খনৰ সমীপৰ বিশেষ বাসগৃহটো স্বাস্থ্য বিভাগে ইতিমধ্যে নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা পৰিলক্ষিত হৈছে। এক কথাত ক’বলৈ হ’লে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ পুৰণিগুদামতো এতিয়া ক’ৰনাৰ গণ সংক্ৰমণৰ উপক্ৰম ঘটিছে।