ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

ৰাজ্যত পুনৰ এদিনত আক্ৰান্ত সহস্ৰাধিক
শুক্ৰবাৰে ৰাজ্যত পুনৰ ১১৩০ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। নতুনকৈ হোৱা আক্ৰান্তৰ ৪১৭ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ আৰু ১০৪ গৰাকী কাছাৰৰ। ইয়াৰ বিপৰীতে শুক্ৰবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১০৬২গৰাকী ৰোগীয়ে। বিগত চাৰিদিন ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৪ সহস্ৰাধিক লোক।
২১ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা
ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৯,৯২১ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২১,৭৬১ গৰাকী। বৰ্তমান ৰাজ্যত ৮,০৮১ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৭৬ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে। ক্ৰমাগত তিনি দিনে ৰাজ্যত সুস্থ সহস্ৰাধিক ৰোগী।
ৰাজ্যত ৭ লাখ লোকৰ লোকৰ সম্পন্ন SWAB পৰীক্ষা
উল্লেখ্য যে অসমত বৰ্তমানলৈ ৭ লাখ ৩৯ হাজাৰ ৪৬৫ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন হৈছে। ২৪ ঘন্টাত ৰাজ্যত ১৬ হাজাৰ ১৭৮ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ ৬.৯৮ শতাংশ ।