Local, Vocal, Global

সাৱধান এনকেফেলাইটিছ পালেহি

বান ,কৰ’না আৰু জাপানীজ এনকেফেলাইটিছৰ গ্ৰাসত ৰাজ্য।

এক ভয়াবহ পৰিবেশৰ দিশে ৰাজ্য। অৱনতি হৈছে ৰাজ্যৰ সামাজিক পৰিবেশ। কাল কৰ’না আৰু বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে ৰাজ্যত ভুতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে জাপানী এনকেফেলাইটিছৰ সংহাৰ ।
চলিত বৰ্ষৰ তিনিটাকৈ বানত ককবকাইছে ৰাজ্যবাসী। সৰ্বস্ব হেৰুৱাই আশ্ৰয় শিৱিৰত দিন কটাইছে বানাক্ৰান্তই। ২৮ খনকৈ জিলা বৰ্তমানেও বলীয়া বানৰ কৱলত। ভয়াবহ বানত ৰাজ্যত প্ৰাণ হেৰুৱাইছে ৮৭ গৰাকী লোকে। বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫৫ লক্ষাধিক লোক। বৰ্তমানেও সম্পুৰ্ণ উন্নত হোৱা নাই বান পৰিস্থিতি। প্ৰান্তে-প্ৰান্তে বৰ্তমানেও বানাক্ৰান্ত ৰাইজৰ আৰ্তনাদ।

আনফলে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যত অব্যাহত আছে কাল কৰ’নাৰ সংক্ৰমণ। প্ৰায় ৩০ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কৰ’নাত। বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ ২১ হাজাৰ লোক সুস্থ হৈ উঠিছে যদিও বৰ্তমানেও চিকিৎসাধীন অবস্থাত আছে প্ৰায় ৮ সহস্ৰাধিক লোক। ইতিমধ্যে কৰনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হৈছে ৭৬ গৰাকী লোকৰ। কৰ’নাৰ ভয়াবহতাৰ বাবে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জন-জীৱন। সলনি হৈ পৰিছে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া।

কিন্তু শেহতীয়াকৈ ৰাজ্যবাসীৰ বাবে নামি আহিছে আন এক শংকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ। বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্য হৈছে ৪৫ গৰাকীকৈ লোকৰ।
ক্ৰমাৎ যেন এটাৰ পাছত আন এটা বিপদে লগ এৰা নাই ৰাজ্যবাসীৰ। কৰ’নাৰ ভয়ত এক প্ৰকাৰে গৃহবন্দী হৈ থকা ৰাজ্যবাসীলৈ নামি আহিছে ইটোৰ পিছত সিটো ভয়াৱহ বিপদ।