Local, Vocal, Global

Assam CM launched ‘Birangana Sadhani’ : ‘বীৰাংগনা সাধনী’ শীৰ্ষক বুৰঞ্জীমূলক চলচ্চিত্ৰৰ শুভ মহুৰত

গুৱাহাটী , ৪ জুন : অসমৰ ইতিহাসৰ এক স্বৰ্ণীল অধ্যায় সামৰি থকা পূৰাতন চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী আই সাধনী । এই আই সাধনীৰ জীৱনৰ ভিত্তিত নিৰ্মাণ হ’ব এখন বুৰঞ্জীমূলক চলচ্চিত্ৰ । বিশ্বজিত বৰাৰ নেতৃত্বত নিৰ্মাণ হ’বলগীয়া চলচ্চিত্ৰখনৰ নাম হৈছে “বীৰাংগনা সাধনী” । ইতিমধ্যেই ৰাজ্য চৰকাৰে ছবিখন নিৰ্মাণৰ বাবে ৩ কোটি টকাৰ আৱন্টন দিছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত বীৰাংগনা সতী সাধনীৰ অতুলনীয় স্বদেশ প্ৰেম, অমৰ গাথাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে নিৰ্মাণ হ’বলগীয়া ‘বীৰাংগনা সাধনী’ নামৰ চলচ্চিত্ৰখনৰ শুভাৰম্ভণি কৰে (Assam CM Inaugurates Sati Sadhani’s Biopic ‘Birangana Sadhani’) । এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, বিধায়ক তৰংগ গগৈ , বিধায়ক সুৰেণ ফুকন, বিধায়ক বলীন চেতিয়াকে ধৰি বহু কেইগৰাকী গণ্য় মান্য ব্যক্তি ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ” ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ বোলছবি নিৰ্মাণেৰে প্ৰথম অসমীয়া বোলছবিৰ নিৰ্মাণ কৰিছিল । অসমীয়া চলচ্চিত্ৰৰ এক সুদীৰ্ঘ ইতিহাস আছে । বীৰাংগনা সতী সাধনীৰ জীৱন সকলোৰে বাবে প্ৰেৰণাৰ উৎস । সতী সাধনীৰ জীৱনীমূলক চলচ্চিত্ৰই নৱপ্ৰজন্মক তেখেতৰ বীৰত্ব আৰু ত্যাগৰ বিষয়ে অনুসূচনা যোগায় । অসম চৰকাৰে চলিত বৰ্ষত সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । মহান বীৰাংগনা সতী সাধনীৰ লগতে চুতীয়া জাতিৰ বীৰত্ব আৰু স্বৰ্ণিল ইতিহাস জনজীৱনৰ মাজত উপস্থাপন কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কাশ্মীৰ ফাইলছ আৰু দ্য় কেৰেলা ষ্টৰীয়ে মানুহৰ মাজত চলচ্চিত্ৰক এক বেলেগ ৰূপত প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰে । এই অনুষ্ঠানতে চুতীয়া জাতিৰ উন্নয়ন পৰিষদলৈ ১৫০ কোটি টকাৰ ভিতৰত ৫০ কোটি টকা উন্নয়ন পৰিষদে ইতিমধ্যে লাভ কৰা বুলিও মত প্ৰকাশ কৰে । এই অনুষ্ঠানটিত অভিনেত্ৰী মৃদুলা বৰুৱা, অভিনেতা প্ৰা়ঞ্জল শইকীয়া, মীনু বনিয়া, অৰুণ হাজৰিকা, যতিন বৰা আশা বৰদলৈ কে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চুতীয়া জনগোষ্ঠীৰ বিভিন্ন নেতা কৰ্মী উপস্থিত থাকে ।

চুতীয়া জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে অসম চৰকাৰে ঘোষণা কৰা ১৫০ কোটি টকাৰ বিশেষ প্ৰকল্পৰ অধীনত ইতিমধ্যে ৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু এই বিশেষ প্ৰকল্প ৰূপায়ণৰ অংশ হিচাপে ‘বীৰাংগনা সাধনী’ নামৰ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তদুপৰি অসম চৰকাৰৰ তৰফৰ পৰা বীৰাংগনাগৰাকীৰ স্মৃতিত গোলাঘাট জিলাত অসম চৰকাৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লগতে সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱস ৰাজ্য চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে পালন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Water Scarcity in Guwahati : মহানগৰীত ১০দিন ধৰি নাই পানী যোগান