Water Scarcity in Guwahati : মহানগৰীত ১০দিন ধৰি নাই পানী যোগান

গুৱাহাটী, ৪ জুন : পানীত হাঁহ নচৰা অৱস্থা হৈছে মহানগৰবাসীৰ । এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটী মহানগৰৰ বাসীন্দাসকলে । আজি ১০ দিন ধৰি পানী যোগান দিব পৰা নাই গুৱাহাটী পৌৰ নিগমে । এফালে প্রচণ্ড গৰম আৰু পানীৰ তীব্র নাটনিয়ে মহানগৰবাসীক বাৰুকৈয়ে জলা কলা খুৱাইছে ।
শনিবাৰে গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ বাসিন্দাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । পানীৰ নাটনিৰ বাবে উত্কট গৰমতো বহু লোকে গা-ধোৱা, কাপোৰ ধোৱাৰ লগতে পিয়াহ গুচাবলৈকো হাহাকাৰ কৰি ফুৰিব লগা হৈছে ।
নগৰবাসীক পানী যোগান ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গুৱাহাটী পৌৰ নিগম আৰু জলব’ৰ্ডে(Guwahati Jal Board) । এই দুই বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাতে বিগত প্রায় ১০ দিন ধৰি গুৱাহাটীৰ ভালেকেইটা অঞ্চলৰ বাসিন্দাই লাভ কৰা নাই খোৱা পানী । যাৰ ফলত হাহাকৰময় পৰিস্থিতিৰ সন্মুখিন হ’ব লগা হৈছে ।
বিশেষকৈ পানীৰ অভাৱত গণেশগুৰি, জু-ৰোডকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অম্বিকাগিৰী নগৰ, নাৰিকলবস্তি, বামুণীমৈদাম, হাতীগড় চাৰিআলি আদি অঞ্চলৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে ।
খবৰ অনুসৰি যোৱা ২৫ মে’ত খাৰঘুলিত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা জলবিস্ফোৰণৰ পিছৰে পৰাই অর্থাত্ ২৬ মে’ৰ পৰাই উক্ত অঞ্চলৰ লগতে আন কেইবাটাও স্থানৰ বাসিন্দাই পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । এনেদৰে ১০ দিন ধৰি পানী নোপোৱাত ক্ষোভত ফাটি পৰা উক্ত অঞ্চলৰ বাসিন্দাসকলে বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ জলব’ৰ্ডক কেইবাবাৰো আবেদন কৰিছে যদিও আজিপৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই ।
চৰকাৰী পানী যোগান আঁচনি বাদেই আনকি ব্যক্তিগতভাবেও পানী কিনিবলৈ পোৱা নাই বাসিন্দা সকলে । ক’ৰবাত পানী কিনিবলৈ পালেও তিনিগুণ, চাৰিগুণ পৰ্যন্ত দাম ভৰিবলগা হৈছে লোকসকলে ।
উল্লেখ্য যে গুৱাহাটী জল বৰ্ডে জনোৱা অনুসৰি গুৱাহাটী পৌৰ নিগমৰ (GMC) মেয়ৰ মৃগেন চাৰানিয়াই গুৱাহাটীৰ বাসীন্দাসকলক ৫ জুনৰ পৰা পুনৰ গুৱাহাটীবাসীক পানীৰ যোগান ধৰিব জাপান আন্তঃৰাষ্ট্ৰীয় নিগম সংস্থাই নিশ্চিত কৰে (JICA) ।
লগতে পঢ়ক : Teen missing while bathing in Brahmaputra : ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সন্ধানহীন কিশোৰ