Local, Vocal, Global

Odisha Train Accident : তেজৰ চেকুৰাৰ মাজত এটা প্ৰেমৰ কবিতা

নেশ্যনেল ডেস্ক, ৪জুন : এটা দুৰ্ঘটনা আৰু নিমিষতে ছাৰখাৰ সকলো।নামি আহিছিল বহুতৰে জীৱনলৈ কাল অমানিশা।শেষ হৈ গৈছিল বহু পৰিয়াল নিমিষতে ভাঙি গৈছিল বহু সপোন। কোনেও কাহানিও ভৱা নাছিল এনে এক শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হ’ব লাগিব (Odisha Train Accident)।

২ জুন শুকুৰবাৰ। সন্ধিয়া প্ৰায় ৭ মান বজাত সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনাটোৱে কপাঁই তুলিছিল সমগ্ৰ বিশ্ব(Train accident in Odisha)। হাহাকাৰ লাগিছিল সমগ্ৰ বিশ্বজুৰি ;আপোনজনৰ সন্ধানত।কাৰণ ঘৰ এৰি দুৰণিলৈ যাত্ৰা কৰিছিল আপোনজনে। কোনেও ভৱা নাছিল সেই দিনটো যে হ’ব অভিশপ্ত এটা দিন।

তিনিখন ৰে’লৰ মাজত হৈছিল সংঘৰ্ষ আৰু নিমিষতে ছাৰখাৰ হৈ গৈছিল ৩খন ৰে’ল(Odisha train derailed)।ফলত নিহত হৈছিল ৩০০গৰাকীৰ। ইয়াৰ উপৰিও আহত হৈছিল প্ৰায় ১০০০অধিক লোকৰ। ঘটনাস্থলীত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ দুৰ্ঘটনাস্থলীত ১০০০ৰো অধিক শ্ৰমিক নিয়োগ কৰা হৈছে উদ্ধাৰৰ বাবে। ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা এই মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ স্থানত পুনৰুদ্ধাৰৰ কাম দিনে-নিশাই চলি আছে।

যাত্ৰীয়েনো ভাৱিছিল নে তেওঁলোকৰ জীৱনলৈ নামি আহিব যে অমানিশা। কোনোয়ে ভবা নাছিলে সেই দিনটোৱে যে শেষ দিন হ’ব তেওঁলোকৰ।এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় বহুলোকক।চাৰিওফালে এখন দুখ লগা ছবি।মৃতদেহ উদ্ধাৰ লগতে উদ্ধাৰ কৰা হয় বহু সা-সামগ্ৰী ।উদ্ধাৰ কৰা বহুলোকৰ খেলৰ সামগ্ৰী, কাৰোবাৰ এপাত জোতা,কাৰোবাৰ কাপোৰ,বেগ আৰু বিভিন্ন সামগ্ৰী।

এই সামগ্ৰী সমূহৰ ভিতৰ উদ্ধাৰ হৈছে এখন বহী ।এই বহীখনৰ মাজত লিখি থোৱা এটা কবিতাই আৱেগিক কৰি তুলিছে সকলোকে(Love poem in midst of blood in Odisha Train Accident)।এটি প্ৰেমৰ কবিতা ।প্ৰেমাস্পদৰ অনুভৱী হৃদয়ে শব্দৰ পিয়লাৰ পৰা নিগৰা দুশাৰী মাত্ৰ কাব্যধাৰা ।কবিতাৰ ব্যঞ্জনাৰ দৰেই কবিও হৈ পৰিল এক ব্যঞ্জনাত্মক উদাহৰণ।এটা নামবিহীন প্ৰেমৰ কবিতা… ”অলপ অলপ মেঘ লগ হৈ বৰষুণ হয়, সৰু সৰু কাহিনীৰ পৰাই প্ৰেম হয়”(small clouds create rain, small tales create love)।ক’ত হেৰাল সেই প্ৰেমালাপৰ অনুভৱী কলম শব্দবোৰ !শব্দবোৰ সুখ হৈ নিগৰাৰ স্বপ্ন ৰচাৰ পৰত অভিশপ্ত দিনটোৱে কাঢ়ি লৈ গ’ল প্ৰেমিক কবিৰ হাতৰ কলম(Is the author alive? Nobody can tell) ।

লগতে পঢ়ক : Odisha triple train tragedy: মালবাহী ৰেলখন লাইনচ্যুত হোৱা নাছিল, কেৱল কৰমণ্ডল এক্সপ্ৰেছখনহে দুৰ্ঘটনাত পতিত হৈছিল: ৰে’ল ব’ৰ্ড