Local, Vocal, Global

Odisha triple train tragedy: মালবাহী ৰেলখন লাইনচ্যুত হোৱা নাছিল, কেৱল কৰমণ্ডল এক্সপ্ৰেছখনহে দুৰ্ঘটনাত পতিত হৈছিল: ৰে’ল ব’ৰ্ড

নতুন দিল্লী, ৪ জুন: ওড়িশাৰ ট্ৰিপল ৰেল ট্ৰেজেডীৰ দুদিন পিছতে দেওবাৰে ৰেলৱে ব’ৰ্ডে প্ৰাথমিক তদন্তৰ উদ্ধৃতি দি উল্লেখ কৰে যে, সেইদিনা সংকেত প্ৰদানৰ ক্ষেত্ৰত কিছু সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে ((Issue with signalling)) আৰু কেৱল ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’ল গাডীখনহে বালাশ্বৰত দুৰ্ঘটনাত পতিত হৈছিল (Coromandel Express met with accident in Balasore) য’ত বৰ্তমানকৈকে ২৭৫ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে (Odisha triple train tragedy) ।

দেশৰ ৰাজধানী নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ৰেলৱে ব’ৰ্ডৰ অপাৰেচন এণ্ড বিজনেছ ডেভেলপমেণ্টৰ সদস্য জয়া বাৰ্মা সিনহাই কয়, “প্ৰাথমিক অনুসন্ধান অনুসৰি সংকেত প্ৰদানৰ ক্ষেত্ৰত কিছু সমস্যা হৈছিল (Member of Operation and Business Development) । আমি এতিয়াও ৰেল সুৰক্ষা আয়ুক্তৰ বিতং প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো । সেইদিনা কেৱল ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনহে দুৰ্ঘটনাত পতিত হৈছিল । এই ৰে’লখনৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ১২৮ কিলোমিটাৰ আছিল ।”

এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ অনুসন্ধানত এক বৃহৎ অগ্ৰগতি হোৱা বুলি উল্লেখ কৰি জয়া বাৰ্মা সিনহাই কয় যে, যিহেতু মালবাহী ৰেলখনে লোৰ অক্সাইড কঢ়িয়াই আনিছিল, সেয়েহে ৰেলখনে ৰেলপথৰ পৰা লাইনচ্যুত হোৱা নাছিল যদিও ক’ৰমণ্ডল এক্সপ্ৰেছৰহে সৰ্বাধিক ক্ষতিসাধন হৈছিল ।

“মালবাহী ৰেলখন লাইনচ্যুত হোৱা নাছিল । ইফালে যিহেতু ৰেলখনে লোৰ অক্সাইড কঢ়িয়াই নিছিল, সেয়েহে মালবাহী ৰেলখনৰ ক্ষতিৰ বিপৰীতে কৰমণ্ডল এক্সপ্ৰেছখনৰহে সৰ্বাধিক ক্ষতি হৈছিল । ইয়াৰ বাবেই অধিক সংখ্যক লোকে মৃত্যুবৰণ কৰাৰ লগতে আৰু আঘাতপ্ৰাপ্ত হৈ আহত হয় বহুজন,” জয়া বৰ্মা সিনহাই এইদৰে কলে ।

তেওঁ লগতে কয় যে ক’ৰমণ্ডল এক্সপ্ৰেছৰ লাইনচ্যুত ডবাবোৰে যশৱন্তপুৰ এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰেগৈ ।

তেও কলে, ” ডাউনলাইনত আহি থকা ক’ৰমণ্ডল এক্সপ্ৰেছৰ লাইনচ্যুত ডবাবোৰে সেই সময়ত ডাউনলাইনেৰে ঘণ্টাত ১২৬ কিলোমিটাৰ বেগত পাৰ হৈ যোৱা যশৱন্তপুৰ এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰে ।’

সিনহাই কয় যে দুৰ্ঘটনাৰ পিছত ৰে’ল বিভাগে প্ৰথমে সাহায্য আৰু উদ্ধাৰ অভিযানৰ কামত অধিক গুৰুত্ব আৰোপ কৰিছিল ।

তেও কলে, “দুৰ্ঘটনাৰ পিছত ৰেলৱেই প্ৰথমে সাহায্য আৰু উদ্ধাৰ অভিযানৰ কাম আৰম্ভ কৰিছিল । তাৰ পিছতহে ৰেল লাইনৰ মেৰামতিৰ কাম আৰম্ভ কৰা হয় । বাহানাগা ষ্টেচনত চাৰিটা ৰেল লাইন আছে । ইয়াৰ দুটা মূল লাইন আছে । সেই সময়ত লুপ লাইনত এখন মালবাহী ট্ৰেইন আছিল । ইফালে ক’ৰমণ্ডল এক্সপ্ৰেছৰ চালকজনে ষ্টেচনৰ পৰা সেউজ সংকেত পাইছিল । আনহাতে দুয়োখন বাহন তীব্ৰ গতিত চলি আছিল ।’

বিষয়াগৰাকীয়ে লগতে কয়, আহত বা মৃত লোকসকলৰ পৰিয়ালৰ সদস্যৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ।

“আমাৰ হেল্পলাইন নম্বৰ ১৩৯ উপলব্ধ । এইটো কোনো কল চেণ্টাৰৰ নম্বৰ নহয়, আমাৰ জ্যেষ্ঠ বিষয়াসকলে কলবোৰ ৰিচিভ কৰি উত্তৰ দি আছে আৰু আমি যিমান সম্ভৱ সিমান লোকক সংযোগ কৰিবলৈ চেষ্টা কৰি আছো। আহত অথবা মৃতকৰ পৰিয়ালৰ সদস্যই আমাক ফোন কৰিব পাৰে আৰু আৰু আমি নিশ্চিত কৰিম যে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে আমি তেওঁলোকৰ যাত্ৰা আৰু অন্যান্য খৰচৰ ব্যৱস্থাও কৰিম ।” জয়া বৰ্মা সিনহাই এইদৰে কয় ।

ইফালে, ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই স্পষ্ট কৰা অনুসৰি বৰ্তমানলৈকে মৃতকৰ সংখ্যা ২৮৮ নহয়, প্ৰকৃততে ই ২৭৫ গৰাকীহে । এই তথ্য পুনৰ পৰীক্ষা কৰি জানিব পৰা মতে, একাংশ মৃতদেহ দুবাৰকৈ গণনা কৰা হৈছিল ।

তেওঁ লগতে কয় যে, “১১৭৫ গৰকী আহতৰ ভিতৰত ৭৯৩ গৰাকী লোকক চিকিৎসাৰ অন্তত ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে । অৱশ্যে এই পৰিসংখ্যা দুপৰীয়া ২ বজাৰ ভিতৰত আপডেট কৰা হ’ব ।”

ৰে’ল মন্ত্ৰালয়ৰ মতে, বিভাগটোৰ বিষয়াসকলৰ উপস্থিতিত দুৰ্ঘটনাস্থলীৰ ৰেলপথৰ পুনঃ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে (restoration process at accident site) ।

১০০০ৰো অধিক লোকক এই কামত নিয়োজিত কৰা হৈছে । মন্ত্ৰালয়ে জনোৱা মতে, সাতটাতকৈ অধিক প’ক্লেইন মেচিন(Poclain Machines), দুখন দুৰ্ঘটনা সাহায্য ৰে’ল(Accident Relief Trains), আৰু ৩-৪খন ৰে’লৱে আৰু ৰোড ক্ৰেন ব্যৱহাৰ কৰা হৈছে (Railway and Road Cranes deployed)।

লগতে পঢ়ক : Odisha train tragedy : বৰ্তমানেও ওলোৱা নাই বহু মৃতদেহৰ পৰিচয়