Local, Vocal, Global

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে কভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে কভিড-১৯ আক্ৰান্ত হৈছে বহুলোক ।

বকোত পুনৰ এজন কভিড-১৯ত আক্ৰান্ত। যুৱকজন বকো সমষ্টিৰ ভখৰাদিয়া মহিশখুঁটীৰ ৰফিকুল ইছলাম। ১১ জুনত চেন্নাইৰ পৰা আহিছিল ৰফিকুল। চাংসাৰিৰ হেভলছ্ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল যুৱকজনক। দ্বিতীয়বাৰলৈ কৰা SWAB পৰীক্ষাত গৃহ অভিমুখে আহি থকা সময়ত আহে কভিড-১৯ৰ পজিটিভ খবৰ। ইয়াৰ পিছতে চিকিৎসাৰ বাবে ৰফিকুল ইছলামক প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ । ৰফিকুলৰ সৈতে একেখন বাহনত অহা চালকসহ আন চাৰিজনক পুনৰ কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় ।

কলিয়াবৰতো  এগৰাকী ককৰ্ট ৰোগীৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰিছে । ৰোগীগৰাকী কুঁৱৰীটোলৰ ৬০ বছৰীয়া ৰেমিজা বেগম । ১৭ জুনত মহিলাগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিল আৰু তাতেই তেওঁৰ স্বোৱাব লোৱা হৈছিল । বৰ্তমান মহিলাগৰাকী কভিড-১৯ত আক্ৰান্ত হোৱা বুলি ঘোষণা কৰিছে চিকিৎসকে৷