Local, Vocal, Global

ৰাজ্যসভাৰ নিৰ্বাচন, মেঘালয়ত ২০টা ভোটত জয়ী এমডিএৰ প্ৰাৰ্থী খাৰখুলী

মেঘালয়ৰ শাসনাধিস্থ এনপিপি দলৰ ৰাজ্যিক সভাপতি তথা মেঘালয় ডেম’ক্ৰেটিক এলায়েঞ্চৰ প্ৰাৰ্থী ডাঃ ডব্লিউ আৰ খাৰখুলী জয়ী হৈছে শুকুৰবাৰে অনুষ্ঠিত মেঘালয়ৰ ৰাজ্যসভাৰ আসনখনত। কংগ্ৰেছ প্ৰাৰ্থী কেনেদি খাইৰিয়ামক ২০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত কৰে এমডিএ প্ৰাৰ্থী খাৰখুলীয়ে। মেঘালয়ৰ বিধায়কসকলে দিয়া মুঠ ৫৯টা ভোটৰ ৩৯টা লাভ কৰে খাৰখুলীয়ে। বাকী ১৯টা ভোট পায় কংগ্ৰেছৰ প্ৰাৰ্থীজনে। এটা ভোট বিবেচনালৈ নাহিল। আনহাতে এলবাৰ্ট নংগ্ৰেম নামৰ বিধায়কজনে ভোটদান নকৰিলে। পি এ চাংমাই প্ৰতিষ্ঠা কৰি যোৱা এনপিপি দলৰ কোনো এগৰাকীয়ে এই প্ৰথমবাৰৰ বাবে সুযোগ পাইছে সংসদৰ উচ্চ সদনত মেঘালয়ক প্ৰতিনিধিত্ব কৰাৰ।