Website Design: dastechnologies.in
২১ জুন, দেওবাৰ। অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব এই বছৰৰ অম্বুবাচী। কাইলৈ নিশা ১১বাজি ৪৪ মিনিট ৫৭ ছেকেণ্ডত ঘটিব এই বছৰৰ অম্বুবাচীৰ প্ৰবৃত্তি। অম্বুবাচী বুলিলেই পৃথিৱী বিখ্যাত নীলাচলৰ শিখৰত থকা শক্তিপীঠ কামাখ্যাধামৰ মহামেলা। যোৱা কিছু বছৰৰ পৰা অম্বুবাচী মেলাক কুম্ভমেলাৰ আৰ্হিৰে ধৰ্মীয় পৰ্যটন উৎসৱৰ ৰূপ দিয়াৰ প্ৰয়াস কৰিছে অসম চৰকাৰৰ পৰ্যটন বিভাগে। কিন্তু কাল কৰ’নাৰ ত্ৰাসৰ বাবে এইবেলি পৰিস্থিতি পৃথক। সকলো ধৰণৰ জনসমাগম পৰিহাৰ কৰি এইবেলি কেৱল পৰম্পৰাৰ অনুষ্ঠানিকতাহে সম্পন্ন হ’ব শক্তিপীঠত। দেখা নাযাব দেশ- বিদেশৰ সাধু ,সন্ত, দৰ্শনাৰ্থীৰ সমাগমমুখৰ সেই চিনাকি পৰিৱেশ। ২৫ জুনৰ দিনৰ ১১বাজি ৩৪ মিনিট ৪৮ ছেকেণ্ডত নিবৃত্তি ঘটিব এইবেলি অম্বুবাচীৰ।
ইফালে অম্বুবাচীৰ প্ৰবৃত্তিৰ ঠিক পূৰ্বে অৰ্থাৎ কাইলৈ পুৱা হ’ব বলয়গ্ৰাস সূৰ্যগ্ৰহণ। গুৱাহাটীৰ আকাশত এই সূৰ্যগ্ৰহণ দেখা যাব পুৱা ১০.৫৭ বজাত। অসমৰ গুৱাহাটীৰ লগতে শিৱসাগৰ, ডিব্ৰুগড় আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ আকাশত দেখা যাব এই মহাজাগতিক পৰিঘটনা।