Local, Vocal, Global

চিকিৎসকৰ ভুলৰ বাবেই এগৰাকী প্ৰসুতিৰ মৃত্যুৰ অভিযোগ

চিকিৎসকৰ ভুলৰ বাবেই এগৰাকী প্ৰসুতিৰ মৃত্যুৰ অভিযোগ

ডুমডুমাত পথ অৱৰোধ গোৰ্খা ছাত্ৰ সন্থাৰ

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ওঝা নাৰ্ছিং হোমত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। ওঝা নাৰ্ছিং হোম নামৰ ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী প্ৰসূতিয়ে মৃত্যুক সাৱটিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে। তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ শিৱ ছেত্ৰীৰ পত্নী প্ৰমিলা ছেত্ৰী নামৰ প্ৰসুতিগৰাকীয়ে ডুমডুমাৰ ওঝা নাৰ্ছিং হোমত থকা ডাঃ প্ৰকাশ গুপ্তাক স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল। কিন্তু স্বাস্থ্য পৰীক্ষা কৰাই থকাৰ সময়তেই প্ৰসুতিগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। কিন্তু লক্ষণীয়ভাৱে চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাই প্ৰসূতিগৰাকীক ডুমডুমাৰ পৰা এখন এম্বুলেঞ্চেৰে তিনিচুকীয়াৰ আৰ. চি. আগৰৱালা নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত লৈ যায়। তাৰ পাছতেই প্ৰসুতিগৰাকীক পুনৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু লক্ষণীয়ভাৱে উক্ত সময়লৈকে প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰসূতিগৰাকীৰ স্বামীক জনোৱা হোৱা নাছিল বুলি উল্লেখ কৰিছে। আনহাতে, কি কাৰণত এগৰাকী প্ৰসূতিক চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাই এম্বুলেঞ্চ ভাড়া কৰি ডুমডুমাৰ পৰা তিনিচুকীয়ালৈ নিবলগীয়া হ’ল তাক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী চিকিৎসকৰ লগতে ওঝা নাৰ্ছিং হোমৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাই ডুমডুমাত পথ অৱৰোধ কৰে। পথ অৱৰোধৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।