Local, Vocal, Global

সংবাদমেলত কি ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ?

সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • গুৱাহাটীৰ পৰিস্থিতি অত্যন্ত জটিল।
  • ২৪ জুনৰ পৰা ৩০ জুনলৈ গুৱাহাটীত আক্ৰান্ত হৈছে ১,২১২গৰাকী।
  • বুধবাৰৰ দিনৰ ভাগলৈ মহানগৰীত ১৪০০ লোক আক্ৰান্ত হৈছে।
  • মঙলবাৰৰ পৰা মডাৰেট লেভেল লক্ষণযুক্ত কেছ পোৱা গৈছে।
  • লকডাউন মানি চলাৰ বাবে গুৱাহাটীবাসীক স্বাস্থ্যমন্ত্ৰীৰ ধন্যবাদ।
  • SARS-COVID VIRUSৰ পৃথকীকৰণেৰে দেশৰ তৃতীয়টো লেব’ৰেটৰী হ’ব লাহোৱালৰ RMRC
  • পুনে,হাইদৰাবাদৰ পিছত লাহোৱালত হ’ব এই পৃথকীকৰণ।
  • অসমৰ ক’ভিড যুঁজত ন-সংযোজন COVIDASSAM.IN
  • এই ৱেবচাইটত SRF নম্বৰ দি নিজৰ ৰিজাল্ট ডাউনলোড কৰিব পাৰিব।
  • এই ৱেবচাইটত ৩.৪২লাখ ৰিজাল্ট আপলোড কৰা হ’ব।
  • GMCHত টেষ্টিঙত থকা ২ চিকিৎসক আক্ৰান্ত।
  • আক্ৰান্ত চিকিৎসক দুগৰাকী ডাঃ বৰ্ণালী শৰ্মা আৰু ডাঃ অজন্তা শৰ্মা।
  • অহা ৪-৫ দিনত অসমত হ’ব প্লাজমা বেংক।
  • ৩০ জুন পৰ্যন্ত অসমত ৪ লাখ টেষ্ট সম্পন্ন হৈছে।
  • টেষ্টৰ ক্ষেত্ৰত তামিলনাডু,অন্ধ্ৰ প্ৰদেশৰ পিছতে তৃতীয় স্থানত আছে অসম।
  • আজিৰে পৰা মুকলি হ’ব খানাপাৰা ফিল্ড ক’ভিড হাস্পতাল।
  • অচিৰেই মণিৰাম দেৱান ট্ৰেড চেন্টাৰত হ’ব ৮০০ বিছনাযুক্ত ক’ভিড হাস্পতাল।
  • গুৱাহাটীত বৰ্তমান ক’ভিড বিছনাৰ সংখ্যা ১৬০০তকৈও ক’ম।
  • অচিৰেই প্ৰয়োজন হ’ব ৩০০০ বিছনাৰ।
  • গুৱাহাটীৰ মানুহে চেম্পল দি আহি আইছ’লেট হৈ নাথাকে। SWAB দি আহি মুকলিকৈ ঘুৰি ফুৰে। এনে কাৰণতে মহানগৰীত সংক্ৰমণ বাঢ়িছে। মহানগৰবাসীৰ এনে কাৰ্য ফৌজদাৰী অপৰাধঃ মন্ত্ৰী হিমন্ত